AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

আকনবিন্ধীৰ সোণপৰুৱা (Akanbindhir Sonparuwa)

Rating: 0/5
Price of print book:₹ 100
Our Price:
₹ 80
Author বন্তি শেনচোৱা (Bonti Senchowa)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS140
Email
Share on Google+
Description

প্রথিতযশা গল্পকাৰ বন্তি শেনচোৱাৰ শ্বিলঙৰ পটভূমিত উত্তৰ-পূব পার্বত্য বিশ্ববিদ্যালয়, চমুকৈ নেহুক কেন্দ্র কৰি লিখা উপন্যাস আকনবিন্ধীৰ সোণপৰুৱাৰ অলপ ব্যতিক্রমী বিষয়বস্তুৱে পঢ়ুৱৈক এক নতুন ৰসাস্বাদনৰ সুবিধা দিছে।

অনেক বনৰীয়া ফুলৰ সুঘ্ৰাণ কঢ়িয়াই অনা পাইনৰ মুকলিমূৰীয়া বতাহজাকৰ সৈতে প্রাণখুলি হাঁহি ভৱিষ্যতৰ সোণালী সপোন দেখাৰ কাহিনী। প্ৰিয়জনক এৰি ঘৰৰ পৰা নিলগত সহপাঠীৰ লগত হাঁহি-ধেমালি, ঠাট্টা-মস্কৰা আদিৰে ব্যক্তিগত দুখক নিচুকাই লক্ষ্য সাধনৰ অবিৰত প্রয়াস, প্রাণ-প্রাচুর্যৰে ভৰা হোষ্টেলৰ বৰণীয়া জীৱন, অধ্যয়নৰ দৰে গভীৰ গধুৰ দায়িত্বৰ মাজতো প্রাত্যহিক সৰু-বৰ কথাৰ মাজতে আনন্দৰ উৎস, নানান মুখৰোচক আৰু ৰসাল কল্পকাহিনীৰে মুখৰ আৰু জীপাল হৈ থকা সময়বোৰ, শিক্ষক-শিক্ষার্থীৰ মাজৰ পৱিত্র সম্পর্ক, সমর্পণ আৰু বৌদ্ধিক উত্তৰণৰ সমূহীয়া প্রচেষ্টাকে কল্পনা আৰু বাস্তৱৰ আলমত উপন্যাসৰ পোছাকত আকনবিন্ধীৰ সোণপৰুৱা

কাহিনীৰ গতিপথত নিগৰি অহা খাচি, জয়ন্তীয়াসকলৰ বিভিন্ন জনশ্রুতি, ৰূপকথা, ৰূপগাথা আদিয়ে কাহিনীক ন্যায্যতা প্রদান কৰাৰ উপৰি দিছে গতিশীলতা। সময়ৰ অলিয়ে-গলিয়ে অহা-যোৱা কৰোঁতে পোহৰলৈ আহিছে বহু তথ্যসমৃদ্ধ ইতিহাস আৰু প্রতিফলিত হৈছে মেঘালয়কে ধৰি চুবুৰীয়া ৰাজ্যকেইখনৰ সেই সময়ৰ ৰাজনৈতিক, আর্থসামাজিক আৰু শৈক্ষিক বিৱর্তনৰ ছবিখন। বিশেষকৈ অসম আৰু মণিপুৰৰ বিধ্বস্ত শৈক্ষিক আৰু জনজীৱন।

আকনবিন্ধী আৰু সোণপৰুৱাৰ মাতৃ-সন্তানৰ দৰে ওতপ্রোত সম্পর্ক। এটাৰ পৰা আনটো পৃথককৈ চাব নোৱাৰি। পৃথক কৰিব নোৱাৰি। আকনবিন্ধী গছৰ পাতৰ বুকুতে জীৱন আৰু বিৱর্তন হয় সোণপৰুৱাৰ। মাতৃৰ মমতাৰে নিৰাপত্তাৰ ছাঁ দি লালন-পালন কৰে সোণপৰুৱাক। নিৰাপদ আশ্রয়ত শ্রীবৃদ্ধি হয় সোণপৰুৱাৰ। একেদৰে পাহাৰীয়া চহৰখনেও উদাৰতাৰে শান্ত-সমাহিত পৰিৱেশত সোণপৰুৱাসদৃশ এজাক শিক্ষার্থীক বিশ্ববিদ্যালয়ৰ ছত্রছায়াত দিছে বৌদ্ধিক বিকাশ আৰু উত্তৰণৰ সুবিধা। সেইজাক দীপ্ত সোণপৰুৱাক শ্বিলঙে দিছে নিৰাপদ আশ্রয়, প্রতিশ্রুতি জীৱন গঢ়াৰ। জ্ঞানৰ সাধনা আৰু মৌ পান কৰাৰ নিশ্চিত পৰিৱেশ। বোধিদ্ৰুম বিশ্ববিদ্যালয়ে নীৰৱে পালন কৰিছে এজাক সোণপৰুৱাৰ সেউজীয়া সপোন।

বীণা বৰা

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...