AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ফাটবিহুৰ মূল্যায়ন আৰু বিতৰ্ক (Phatbihur Mulyayan Aaru Bitarka)

Rating: 0/5
Price of print book:₹ 130
Our Price:
₹ 100
Author
Editor  ইছমাইল হোছেইন (Ismail Hossain)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS148
Email
Share on Google+
Description

লক্ষীমপুৰ জিলাৰ ঢকুৱাখনাৰ নৈৰ ফাটত সোতৰ শতিকাৰে পৰা অনুষ্ঠিত হৈ অহা ঐতিহ্যময় ফাটবিহু কেবাটাও দিশৰ পৰা বৈশিষ্ট্যপূর্ণ৷ বহাগ বিহুৰ প্ৰাচীন চৰিত্ৰ বহন কৰা ফাটবিহুৰ উৎপত্তি সম্পর্কে একাধিক মত প্ৰচলিত আছে যদিও এই বিহু যে ঢকুৱাখনাৰ দাঁতিয়েদি বৈ যোৱা চাৰিকড়ীয়া নৈৰ পাৰত আহোমৰ ফাটত অনুষ্ঠিত হৈছিল সেই বিষয়ে ফাটবিহুৰ সৈতে জড়িত বিজ্ঞ সমাজৰ মতবিৰোধ নাই৷

সোতৰ শতিকাৰ মাজভাগৰে পৰা অনুষ্ঠিত হৈ অহা ফাটবিহু একাধিক বৈচিত্ৰ্যৰে ভৰা৷ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা বহাগ বিহুতকৈ ঢকুৱাখনাৰ ফাটবিহু যিকেইটা দিশত বৈচিত্ৰ্যময় সেই দিশকেইটাৰ অন্যতম হল ইয়াৰ প্ৰাকৃতিক সৌন্দর্য, ঠাই-ঐতিহ্য, বৈশিষ্ট্যপূর্ণ বিহুনাচ, মন-পৰশা সুৰত বিহুনাম আৰু জাতনাম, হুঁচৰি, পোছাক-পৰিচ্ছদ, বিভিন্ন জনগোষ্ঠীৰ অংশ গ্ৰহণ আদি৷

ফাটবিহুৰ বৈচিত্ৰ্য প্ৰকাশ পাইছে ইয়াৰ নামটোৰ পৰা৷ তাই ভাষাৰ শব্দ ফাটৰ অর্থ হল নৈ বা গভীৰ পানী থকা ঠাইৰ দাঁতিত বেহা-বেপাৰ, কৰ-কাটল সংগ্ৰহ আদি কামৰ বাবে সমবেত হোৱা ঠাই৷ Ahom Lexicons মতে ফাটৰ অর্থ হ– ‘‘a place where traders assemble for trade and for payment of duty,’’ এই ফাটক বহুতে ঘাট বা হাটৰূপেও ব্যৱহাৰ কৰিছিল৷ ঢকুৱাখানাৰ ফাটৰ বাদে আহোম ৰজাৰ দিনৰ আন কোনো ফাটতেই বিহু-উৎসৱ বা বিহু-মেলা অনুষ্ঠিত হোৱাৰ নজিৰ নাই৷

ইছমাইল হোছেইন

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous