AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

বিজয়িনী (Bijayini)

Rating: 0/5
Price of print book:₹ 130
Our Price:
₹ 100
Author জুলী বৰুৱা (Juli Boruah)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS149
Email
Share on Google+
Description

কিতাপখনৰ পাতে পাতে আছে দুখ আৰু যাতনাৰ ভাবোদ্দীপক তীব্ৰতা, কিন্তু ইয়াৰ বিপৰীতে কতো নাই হতাশা আৰু নিৰাশাৰ আত্মকেন্দ্ৰিক অন্ধকাৰৰ অসহিষ্ণুতা৷ দুৰ্বোধ্য নিয়তিয়ে হাত দুখন কাঢ়ি নিয়াৰ বাবে তেওঁ অসহিষ্ণু ক্ষোভ আৰু দুৰ্ভাগ্যক মানুহৰ জীৱনৰ এক অন্তৰ্নিহিত বিশ্বজনীন সত্য ৰূপত স্বীকাৰ কৰি লোৱাই নহয়, নিজৰ অজ্ঞাতে আমাকো সেই চূড়ান্ত সত্যৰ সপক্ষে বিনম্ৰভাৱে সজাগ আৰু সক্ৰিয় হবলৈ যেন আহ্বানহে জনাইছে৷ দুখ আৰু দুৰ্ভাগ্যক লেখিকাই হৃদয়ত গৌৰৱ আৰু বিনম্ৰতাৰে স্থাপন কৰি হেৰুওৱাৰ বেদনাৰ মহত্ত্বম উৎসতেই সৃষ্টিশীলতাৰ মহিমান্বিত দূৰ দিগন্তৰ স্বপ্নক লালন কৰিছে আৰু তাৰ জৰিয়তে দুখবোধক জয় কৰাৰ আধ্যাত্মিক প্ৰয়াসত ব্ৰতী হৈছে৷

বিজয়িনীৰ পাতে পাতে প্ৰবাহমান লেখিকাৰ জীৱনমুখী গভীৰ অন্তৰ্দশন আৰু আত্মবিশ্বাসী৷ তেওঁ জীৱনটোক ব্যস্ত পৃথিৱীখনৰ সৈতে একাত্ম কৰি গতিশীল কৰি ৰাখিব বিচাৰে৷ দুখ আৰু হেৰুওৱাৰ উপলব্ধিৰ পৰা আহৰণ কৰা শক্তিৰে তেওঁ জীৱনৰ উত্থানৰ যোগাত্মক প্ৰেৰণা হব খোজে৷ মন আৰু মগজুৰ যুক্তিপূৰ্ণ প্ৰয়োগেৰে তেওঁ সৃষ্টিশীলতাত মনোনিবেশ কৰি দুখ-হতাশা, ভয়-আতংক আদিৰ পৰা পৰিত্ৰাণৰ পথ নিৰ্মাণ কৰিব খোজে৷

-জোৎস্না বৰুৱা

 

 

 

‘...তুমি লেখাৰ মাজেদি আত্মবিশ্বাস ঘূৰাই পাবলৈ যত্ন কৰা, আৰু এখন আত্মজীৱনী লিখিবলৈ আৰম্ভ কৰা’- শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰে মোক কোৱা এই কথাষাৰে মনত চিন্তাৰ খোৰাক যোগালে৷ এখন আত্মজীৱনী লিখিম৷ কিন্তু কিতাপ লিখাটো জানো সহজ কথা? তাতে আত্মজীৱনী৷ জীৱনৰ বিভিন্ন ঘটনা পৰিঘটনাবোৰৰ মাজৰ পৰা কোনটো ধৰিম বা কোনটো এৰিম?

প্ৰয়াস কৰিলোঁ লিখিবলৈ... মোৰ বিচিত্ৰ জীৱনটোৰ প্ৰকাশিত আৰু অপ্ৰকাশিত কাহিনীৰ কিয়দংশ৷

জীৱনৰ কথা৷

ভগা সপোনবোৰৰ কথা৷

যন্ত্ৰণাৰ মাজেৰে জীৱনৰ মাদকতা বিচাৰি ফুৰাৰ কথা৷

জুলী বৰুৱা

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous