AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

আজান পীৰ আৰু জিকিৰ (Azan Pir Aaru Jikir)

Rating: 0/5
Price of print book:₹ 160
Our Price:
₹ 120
Author
Editor  ইছমাইল হোছেইন (Ismail Hossain)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS146
Email
Share on Google+
Description

অসমৰ সমাজ-ইতিহাসৰ এক উল্লেখযোগ্য চৰিত্ৰ হল আজান পীৰ৷ ছাহ মীৰাণ বা ছাহ মিলন ৰূপে জনাজাত আজান পীৰ সোঁতৰ শতিকাৰ মাজভাগত সুদূৰ বাগদাদৰ পৰা অসমলৈ আহিছিল বুলি কোৱা হয়৷ ইছলাম ধর্ম প্ৰচাৰৰ হকে সাত সাগৰ তেৰ নদী পাৰ হৈ অসমলৈ আহি পীৰজনাই অসমৰ মানুহ আৰু মাটিৰ মোহত পৰি ইয়াতেই স্থায়ীভাৱে ৰৈ গল৷

ধর্ম প্ৰচাৰৰ মাধ্যমৰূপে আজান পীৰে জিকিৰ আৰু জাৰী ৰচনা কৰি অসমৰ গাঁৱে-ভূঞে গাই ফুৰিছিল৷ জিকিৰসমূহ আছিল আধ্যাত্মিক ৰসেৰে সিক্ত ধর্মীয় লোক-সাহিত্য, যিবোৰৰ কোনো ধৰণৰ লিখিত ৰূপ নাছিল৷ সেয়ে মুখে মুখে বাগৰি আহি জিকিৰসমূহে আজিৰ ৰূপ পাইছে আৰু ধর্মীয় প্ৰভাৱেৰে সমৃদ্ধ লোক-সাহিত্য বুলি অসমীয়া সাহিত্যৰ বুৰঞ্জীত স্বীকৃত হৈছে৷ এটা কথা ঠিক যে ধর্মীয় লোক - সাহিত্য হলেও কিছুমান জিকিৰৰ সার্বজনীন আবেদনো আছে৷ মহাপুৰুষ শ্ৰীমন্ত শৰদেৱৰ একশৰণ হৰিনাম ধর্ম বা মহাপুৰুষীয়া ধর্মৰ প্ৰতি আকষির্ত হৈ ৰচনা কৰা জিকিৰসমূহত সার্বজনীন আবেদনৰ উপৰিও সমন্বয়ৰ নিদর্শন পোৱা যায়৷ সেয়ে আন এক অর্থত জিকিৰসমূহ হল সমন্বয়ৰ দলিল৷

আজান পীৰে জিকিৰ আৰু জাৰীৰ জৰিয়তে পথভ্ৰষ্ট লোকক ধর্মীয় নৈতিক আৱৰণ এটা দিব খুজিছিল৷ সোঁতৰ বিপৰীতে বাট বুলিছিল বাবে এইজনা ইছলামিক চুফীবাদী সাধকে অনেক নির্যাতনো ভোগ কৰিবলগা হৈছিল৷ বৈষয়িক ভোগ-বিলাসৰ পিনে পিঠি দি কেৱল এখন নৈতিকতাসম্পন্ন আৰু ভ্ৰষ্টাচাৰবিহীন সমন্বয়ৰ সমাজ গঢ়ি তোলাটোৱেই আছিল আজান পীৰৰ লক্ষ্য আৰু উদ্দেশ্য৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous