AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অপহৰণ (Apaharan)

Rating: 0/5
Price of print book:₹ 100
Our Price:
₹ 80
Author দিলীপ বৰা (Dilip Bora)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS163
Email
Share on Google+
Description

দুই কোটিতকৈও অধিক জনতাৰ মুক্তি যুঁজৰ সেনানী বিচাৰি ৰাজ্যখনৰ ইমূৰ-সিমূৰ চলাঠ কৰিলে ৰাহুল বৰুৱাৰ সংগঠনে৷ ৰাজ্যখনক কেইবাটাও খণ্ডত ভাগ কৰি একো একোজন বাছকবনীয়া যুৱ নেতাৰ দায়িত্বত দিয়া হল৷ কোনে কিমান ডেকা লৰাক সদস্য ভৰ্তি কৰাব পাৰে তাৰ ওপৰত ভিত্তি কৰিয়েই সংগঠনৰ কেন্দ্ৰীয় কাউন্সিলে সেইজন সদস্যৰ গুৰুত্ব আৰু পদ নির্ধাৰণ কৰাৰ পৰম্পৰা এটা আৰম্ভ কৰিলে৷ স্কুল-কলেজ এৰি খাই-বহি সময় কটোৱা বহুতকেই আকর্ষণ কৰিলে উদিত সূর্যৰ ৰঙীণ ছবিয়ে৷ চীন, ম্যানমাৰ আৰু পাকিস্তানৰ পৰা আহিল ডাঙৰ-সৰু বিভিন্ন আকাৰৰ মাৰণাস্ত্ৰ৷ লুট, অপহৰণ, হত্যা আৰু দাবী-ধমকিৰে সংগ্ৰহ কৰা হল প্ৰয়োজনীয় ধন-বিত৷ ৰাহুল বৰুৱা ওৰফে প্ৰদীপ্ত চেতিয়াই দায়িত্ব ললে মহানগৰীৰ৷ অৱশ্যে মহানগৰীৰ ক্ষেত্ৰত নেতাৰ গুৰুত্ব নির্ধাৰণৰ পদ্ধতিটোৰ সামান্য পৰিৱর্তন কৰা হল৷ ইয়াত সদস্য সংখ্যাতকৈ সংগৃহীত ধনৰ পৰিমাণৰ ওপৰতহে জোৰ দিয়া হল৷ সমগ্ৰ উত্তৰ-পূবৰ ব্যৱসায়-বাণিজ্যৰ কেন্দ্ৰস্থল এই মহানগৰীৰ বণিক গোষ্ঠীৰ ওপৰতেই দুই কোটি মানুহৰ দুবেলা দুমুঠি নির্ভৰশীল৷ স্বাধীনতাৰ পিছৰে পৰা এই বণিক গোষ্ঠীয়ে পৰিস্থিতি সাপেক্ষে কেতিয়াবা বজাৰত বস্তু উভৈনদী কৰিছে, কেতিয়াবা হৰলুকী, বানপানী, বন্ধ সংস্কৃতি আৰু যোগাযোগৰ অসুবিধাৰ নামত মুনাফা লুটিছে এগুণত চাৰিগুণ, চৰকাৰী ৰাস্তা অধিকাৰ কৰি গুদাম বনাইছে৷ সচেতন কোনোবাই ৰাস্তা মুকলি কৰাৰ কথা কলে সমগ্ৰ উত্তৰ-পূবৰ ৰাইজক ভোকেৰে মৰাৰ ধমকি দিছে৷ সংগঠনৰ নেতৃত্বই এইবোৰ সকলো জানে৷ ৰাহুল বৰুৱাক সেয়ে মহানগৰীৰ দায়িত্ব দিছে৷ সংগঠন চলাবলৈ বছৰি সদ্যহতে এশ কোটিৰো অধিক টকাৰ প্ৰয়োজন৷ দিন যোৱাৰ লগে লগে সেই টকাৰ পৰিমাণ আৰু বাঢ়িব৷ মহানগৰীৰ পৰাই সংগঠনৰ বাজেটৰ অন্ততঃ ত্ৰিশ শতাংশ সংগ্ৰহ কৰিবই লাগিব৷ ৰাহুল বৰুৱাই সেই দায়িত্ব লোৱাৰ উপযুক্ত ব্যক্তি, সংগঠনৰ কেন্দ্ৰীয় কমিটিৰ সকলো সদস্যই একেমুখে সেই কথা কৈছে৷ প্ৰদীপ্ত চেতিয়াই নতশিৰে তাক স্বীকাৰ কৰিছে৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...