AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

আপুনিও কোটিপতি হ'ব পাৰে (Aapunio Kotipati Hobo Pare)

Rating: 0/5
Price of print book:₹ 80
Our Price:
₹ 60
Author গৌতম প্ৰসাদ বৰুৱা (Gautam Prasad Barua)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS166
Email
Share on Google+
Description

সাহিত্য-চর্চা আৰু শিল্প-বাণিজ্যৰ উচ্চ-স্তৰীয় ব্যৱস্থাপনা- এই দুয়োখন জগতত সমান দক্ষতা আৰু স্বাচ্ছ্যন্দৰে বিচৰণ কৰা একমাত্র অসমীয়াজন হল বোধহয় গৌতম প্রসাদ বৰুৱা। তেওঁ ইতিমধ্যে কবিতা লিখি প্রসিদ্ধি অর্জন কৰিছে আৰু তথ্য-সমৃদ্ধ ভ্রমণ-কাহিনীক উন্নীত কৰিছে সাহিত্যৰ পৰ্যায়লৈ। নিৰলস সাহিত্য-চর্চাৰ দ্বাৰা তেওঁ সুখপাঠ্য গদ্য ৰচনাৰ যি কৌশল আয়ত্ত কৰিছে তাক তেওঁ এইবাৰ কামত লগাইছে সঞ্চয় আৰু বিনিয়োগৰ বিষয়ে অসমীয়া ভাষাৰ সর্বপ্রথম কিতাপখন লিখিবলৈ। কোনো সন্দেহ নাই যে অর্থনীতিৰ কৃতী ছাত্র আৰু শিল্প-বাণিজ্য-বেংকিঙৰ উচ্চ-স্তৰীয় ব্যৱস্থাপনাৰ লগত দীর্ঘকাল ধৰি জড়িত গৌতম প্রসাদ বৰুৱা এনে এখন কিতাপ লিখিবৰ কাৰণে যোগ্যতম ব্যক্তি।

প্রায় ছকুৰি বছৰৰ আগতেই লেখা ছেমুৱেল স্মাইলছৰ Thrift অর্থাৎ মিতব্যয়িতা তথা সঞ্চয়শীলতানামৰ কিতাপখনে ইংৰাজসকলক পুৰুষাণুক্রমে ইমান বেছি প্রভাৱিত কৰিছে যে প্রাক্তন ব্ৰিটিছ প্রধান মন্ত্ৰী মার্গাৰেট থেচাৰে এতিয়াও সেই কিতাপখনৰ কথা স্মৰণ কৰে। সভ্যতাৰ ইতিহাসত যুগান্তৰ অনা আধুনিক বেংকিং ব্যৱস্থাৰ নিত্য-নতুন আঁচনিবোৰৰ সদ্ব্যৱহাৰ কৰি অতি কম উপার্জন কৰা মানুহবোৰেও কেনেকৈ আর্থিকভাৱে স্বচ্ছল হব পাৰে সেই বিষয়ে সৰল আৰু সৰস ভাষাত উপদেশ দিয়া হৈছে এই অতীব প্রয়োজনীয় কিতাপখনত। অসমীয়া ভাষাত এনে এখন কিতাপ ৰচনা কৰি গৌতম প্রসাদ বৰুৱাই অসমীয়া সমাজৰ কিমান উপকাৰ সাধন কৰিছে তাক বর্ণনা কৰিবলৈ ভাষাৰ অভাৱ। বর্তমান সময়ত এনে এখন কিতাপৰ প্রয়োজন ইমান তীব্ৰভাৱে অনুভৱ কৰা হৈছে যে এই কিতাপখন বেষ্ট-ছেলাৰ নোহোৱাটোহে অতি আচৰিত কথা হব।

হোমেন বৰগোহাঞি

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...