AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ইতিহাসৰ ছাঁ পোহৰত পুৰণি গুৱাহাটী (Itihasor Cha Poharat Purani Guwahati)

Rating: 0/5
Price of print book:₹ 200
Our Price:
₹ 160
Author কুমুদেশ্বৰ হাজৰিকা (Kumudeswar Hazarika)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS173
Email
Share on Google+
Description

জন্মাৱধি আমি গুৱাহাটীৰ বাসিন্দা, সেয়ে গুৱাহাটী আমাৰ বৰ আপোন। গুৱাহাটীৰ গৌৰৱময় অতীতটোৱে সেয়ে সততে মনত হেন্দোলনি তোলে। মনত পৰে তাহানিৰ গুৱাহাটীৰ পুৰণি চুবুৰিৰ, পুৰণি পৰিয়ালৰ কথা। তেওঁলোকৰ পুৰণি ঘৰবোৰৰ প্রতিচ্ছবি এতিয়াও মানসপটত ভাহি উঠে। এতিয়া সেইবোৰ ঘৰৰ সলনি সেই ঠাইতে মূৰ দাঙি উঠা অট্টালিকাবোৰ দেখিলে, অজানিতে সোঁৱৰণীৰ ভটিয়নী সোঁতত গৈ থকা মনটোৱে উজাই গৈ হেৰোৱা অতীতক বিচাৰে।

ব্যক্তিগত উদ্যোগত এনে কাম হাতত ললে চৰকাৰী কার্য্যালয়ৰ বিষয়া-কর্মচাৰীৰ সহায় পোৱাটো কঠিন। তথ্যপাতি বিচাৰি দিবলৈ টান পায়। কোনোৱে হেৰাল বুলিও উত্তৰ দিয়ে। এজন আয়ুক্তই বোলে পৌৰ নিগমৰ বহু নথি-পত্র অলাগতিয়াল বুলি পুৰি পেলালে। নতুন কার্য্যালয় ভৱন নির্মাণৰ পূর্বে পুৰণি ভৱনৰ স্মৃতিৰক্ষাৰ প্রতি আমাৰ অনিচ্ছা পৰিলক্ষিত হয়। এই কথা কোনো কোনো পৰিয়ালৰ ক্ষেত্রতো একে। পুৰণি ঐতিহ্যপূর্ণ আৱাসগৃহ ভাঙি পেলোৱাৰ আগতে বহুতে ফটো এখন তুলি উপৰিপুৰুষে বাস কৰি যোৱা ঠাইকণৰো স্মৃতি নাৰাখে। সেইকাৰণেই মোৰ গুৱাহাটীৰ পুৰণি টেলিগ্রাফ অফিচ, পোষ্ট অফিচ, ডেপুটি কমিছনাৰৰ কোর্ট প্রমুখ্যে সময়ে গৰকা বহু ভৱনৰ ফটো সংগ্রহ কৰা সম্ভৱ নহল। এয়া আমাৰেই অসমর্থতা নে অতীতৰ প্রতি আমাৰ উদাসীনতা? তথাপিও দুই-চাৰিগৰাকী ব্যক্তিয়ে অতি সযতনে ৰখা কেইখনমান পুৰণি ফটো দি মোক ধন্য কৰিলে, তাৰে বহুকেইটা পুৰণি ভৱন এতিয়া নাই।

মই ইয়াত উল্লেখ কৰা পুৰণি গুৱাহাটীৰ সীমাই ১৯৭৩ খ্ৰী.লৈকে চলি আছিল। ১৯৭২ খ্ৰীষ্টাব্দত শ্বিলঙৰপৰা ৰাজধানী পুনৰ গুৱাহাটীলৈ অনা হয়। ১৯৭৩ খ্ৰী.ত এক অধ্যাদেশযোগে গুৱাহাটী পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰা হয় আৰু লগতে পিছৰ বছৰৰপৰাই পৌৰ নিগমে কাম আৰম্ভ কৰে। বহু বুৰঞ্জীপ্রসিদ্ধ ঠাই, যেনে বশিষ্ঠ, বেলতলা, দিছপুৰ, গণেশগুৰি, নুনমাটি, বামুণীমৈদাম, নৱগ্রহ, কামাখ্যা, গড়পাণ্ডু, খন্দাজান আদিৰ অন্তর্ভুক্তিৰে তিনি হেজাৰমান জনসংখ্যাৰে, ২.৯৫ বর্গমাইল আয়তনেৰে আৰম্ভ হোৱা বর্তমান গুৱাহাটীৰ আয়তন ২৫৭.৯ বর্গ কিলোমিটাৰলৈ বৃদ্ধি হল। জনসংখ্যাও বর্তমান পোন্ধৰ লাখ (অনুমানিক)। কিন্তু মোৰ লেখাত এই নতুন ঠাই সামৰা নাই। ১৯৭২ খ্ৰী.ত গুৱাহাটীৰ পৌৰসভাৰ সীমাই মোৰ পুৰণি গুৱাহাটীৰ সীমা।

কুমুদেশ্বৰ হাজৰিকা

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...