AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ধুমুহা আৰু ৰামধেনু খণ্ড ২ (Dhumuha Aaru Ramdhenu Part 2)

Rating: 0/5
Price of print book:₹ 175
Our Price:
₹ 150
Author হোমেন বৰগোহাঞি (Homen Borgohain)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS182
Email
Share on Google+
Description

মই কটন কলেজৰ চতুর্থ বার্ষিকৰ ছাত্র হৈ থাকোঁতে মোৰ বন্ধু (কবি) ৰাম গগৈয়ে মোক বাঙালী কৰি জীবনানন্দ দাশৰ বনলতা সেননামৰ কবিতাৰ কিতাপখন উপহাৰ দিছিল। জীবনানন্দ দাশৰ কবিতা মই তাৰ আগতেও দুই-চাৰিটামান পঢ়িছিলোঁ; কিন্তু একেলগে সিমানবোৰ কবিতা সেই প্ৰথমবাৰৰ কাৰণে পঢ়িবলৈ পালোঁ। কবিতাকেইটাই মোৰ মনত অপূর্ব আৱেগৰ খলকনি তুলিলে; কিন্তু লগতে সিহঁতে মোৰ মনলৈ এনে এক যন্ত্রণা সঞ্চাৰিত কৰি দিলে- যি ধৰণৰ যন্ত্রণাৰ লগত ইয়াৰ আগতে মোৰ একেবাৰেই পৰিচয় নাছিল। সেই জটিল যন্ত্রণাৰ বহুকেইটা কাৰণৰ ভিতৰত এটা কাৰণ আছিল ঈর্ষা। কবিতাবোৰ পঢ়ি থাকোঁতে মই অনুভৱ কৰিবলৈ ধৰিলোঁ যে শব্দ-বিন্যাসৰ যি ব্যাখ্যাতীত যাদুৰে জীবনানন্দ দাশে মোৰ হৃদয়ত কিছুমান অনির্বচনীয় কামনা-বাসনা জগাই তুলিছে আৰু জীৱনৰ নতুন নতুন আয়তন উন্মোচিত কৰি দিছে, সেই যাদু-বিদ্যা মই কোনোদিনেই আয়ত্ত কৰিব নোৱাৰিম। মই নিজকে অতি ক্ষুদ্র আৰু অকিঞ্চিৎকৰ বুলি অনুভৱ কৰিবলৈ ধৰিলোঁ। নিজকে প্রচণ্ডভাৱে আঘাত কৰিবলৈ মোৰ মন গল। কিন্তু নিজকে আঘাত কৰাৰ পৰিৱর্তে মই হঠাৎ গাৰ জোৰেৰে কিতাপখন ফালিবলৈ আৰম্ভ কৰিলোঁ- যেন কিতাপখন ফালি-ছিৰি পঢ়াৰ অনুপযোগী কৰি তুলিব পাৰিলেই মোৰ ঈর্ষাৰ কাৰণটো চিৰকাললৈ দূৰ হব।

--------

 

হোমেন বৰগোহাঞিৰ আত্মজীৱনীৰ দ্বিতীয় খণ্ড

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous