AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

বাপিৰাম (Bapiram)

Rating: 0/5
Our Price:
₹ 20
Author লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezbarua)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS202
Email
Share on Google+
Description

তিলকাৰ এতিয়া আৰু এই পৃথিৱীত এক দদায়েক আৰু খুৰীয়েকৰ বাহিৰে কোনো নাই। তিলকা বোলোঁতে আমি খাটনিয়াৰৰ বাঁৰী ছোৱালীটিৰ নামকে কাঢ়িছোঁ; আৰু দদায়েক বোলোঁতে খাটনিয়াৰৰ স্বগৰ্ভী ভায়েক ভূধৰৰ কথাকে কৈছোঁ। ভূধৰ সেই কালৰ এধাপোৰা এধাডেৱা ইংৰাজীৰ এধাডুখৰীয়া সোৱাদ পোৱা ডেকা। পৈতৃক স্বাধীন ব্যৱসায়তকৈ চাহ বাগিচাৰ চাহাবৰ তলত চাকৰি কৰাটো তেওঁৰ জীৱনৰ এটা মহা ওখ আশা। সেই কালত উজনিত, ইংৰাজ খেতিয়ক চাহাবসকলে নতুনকৈ চাহ বাগিচাবিলাক মহা ধুম্‌ধামেৰে খুলি মুঠিয়ে মুঠিয়ে ধন সিঁচিছিল আৰু কাণ্ডখন দেখি-শুনি আমাৰ দেশৰ ভোদা মানুহবোৰ তধা লাগি গৈছিল। ডেকা তৰপৰ ডেকা তেজে, “বি-এল-এ-ব্লেশিকা ডেকাসকলক বৰমহৰীৰ বৰ সৰু কামৰ নিমিত্তে উদগনি ঢোল বজাই লৰুৱাইছিল-ধপৰাইছিল; বুঢ়া তৰপৰ চেচা তেজীয়া বুঢ়াসকলকো ডেকাসকলৰ গাৰ বতাহৰ কোবে থৰকবৰক নলগোৱাকৈ এৰা নাছিল। তেওঁলোকে ডেকা পুতেকহঁতৰ আশাৰূপী বৰৰ আঠাৰ বৰমোনাত সোলামুখৰ সোলোক ঢোলোক ফু যতনেৰে দি তাক ফুলাই ডাঙৰ কৰি দিয়াত ত্ৰুটী কৰা নাছিল। এনেস্থলত আমাৰ খাটনিয়াৰৰ ভায়েক ভূধৰে যে অসম কোম্পানীৰ দীঘলিটিং চাহবাগিচাৰ বৰমহৰীৰ বৰ কামটো অতি যতনেৰে পাই, তাক প্ৰাণকাতৰে গবা মাৰি নধৰিব, তাত সন্দেহ কৰিবৰ কাৰো কোনো কাৰণ নাছিল।

Reviews

There are no reviews for this book yet.

Related Books