AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অক্টোপাছ আৰু অন্যান্য গল্প (Octopus and other Stories)

Rating: 0/5
Price of print book:₹ 100
Our Price:
₹ 70
Author হোমেন বৰগোহাঞি (Homen Borgohain)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS207
Email
Share on Google+
Description

ডিব্রুগড়ৰ লোহাৰপতিৰ এন্ধাৰ গলি এটাৰ জৰাজীর্ণ ঘৰ এটাত বহি পুলিছলৈ অপেক্ষা কৰি আছোঁ। টক্ টক্ শব্দ কৰি মিনিটৰ কাঁটাডাল বাৰৰ বুকুলৈ আগবাঢ়িছে। অলপ পিছতে কেইযোৰমান বুট জোতা খতপ খতপ শব্দ কৰি চিড়িয়েদি ওপৰলৈ উঠি আহিব। তাৰ খুড়াৰ তলত সশব্দে গুৰি হৈ যাব ৰাতিৰ নিস্তব্ধতা। সমাজৰ প্রহৰীয়ে আহি দুৱাৰত কৰাঘাত কৰিব। দুৱাৰ খোলা।

খোলা খিৰিকিখনেদি বাহিৰৰ এন্ধাৰবোৰলৈ চাই চাই ববে কিবা ভাবি আছে। মুখৰ জ্বলন্ত চিগাৰেটটোৰ ধোঁৱাই তাক আঁউসী-ৰাতিৰ দৰে কলা মুখখনৰ কেওকাষে কিবা এটা ৰহস্যৰ মায়াজাল সৃষ্টি কৰিছে। জীৱনত মাজে মাজে এনে একোটা মুহূর্ত আহে যেতিয়া মনটোৱে সংসাৰৰ সকলো পৰিচিত বন্ধনৰ পৰা ছুটী বিচাৰে। ববৰ উদাস দৃষ্টিত সেই নিঃসঙ্গ সুদূৰতাৰ আভাস। অৱশ্যে এইটো মোৰ নিজৰ খেয়ালী মনৰ কল্পনাও হব পাৰে। কোনে কব পাৰে সি ঠিক এই মুহূৰ্তত মোৰ বিৰুদ্ধেই কিবা ষড়যন্ত্র পাঙি থকা নাই বুলি?

কোঠাটোত আমি মাত্র দুটা প্রাণী। বব ওৰফে ৰবাৰ্ট হিল আৰু মই। আৰু এটা প্রাণহীন নাৰীদেহ। হাতুৰীৰ প্রচণ্ড আঘাতত তাইৰ মূৰটো দুফাল হৈ ফাটি গৈছে। সর্বাঙ্গ তেজেৰে লুতুৰি-পুতুৰি।

-----------------

 

হোমেন বৰগোহাঞিৰ ছুটিগল্পৰ দ্বিতীয় সংকলন

Reviews

There are no reviews for this book yet.

Related Books