AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

কাম কৰাৰ আনন্দ (Kam Korar Ananda)

Rating: 0/5
Price of print book:₹ 50
Our Price:
₹ 30
Author হোমেন বৰগোহাঞি (Homen Borgohain)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS214
Email
Share on Google+
Description

ভিক্টৰ হিউগোৱে কৈছিল যে আমি সকলো মানুহেই মৃত্যুদণ্ডেৰে দণ্ডিত আচামী; কিন্তু অনির্দিষ্ট কাললৈ কেইটামান দিনৰ কাৰণে আমাক জীয়াই থাকিবলৈ দিয়া হৈছে। মৃত্যুৰ লগে লগে আমি শূন্যত বিলীন হৈ যাওঁ৷জীৱন আৰু মৃত্যুৰ মাজৰ এই চুটি সময়খিনি কিছুমান মানুহে অতিবাহিত কৰে অস্থিৰ আৰু অশান্ত হৈ; আন কিছুমানে অতিবাহিত কৰে কামনা-বাসনাৰ উচ্ছাসত আত্মহাৰা হৈ। আটাইতকৈ জ্ঞানী মানুহবোৰে এই সময়খিনি অতিবাহিত কৰে কলা-সৃষ্টি আৰু জ্ঞানৰ সাধনা কৰি। জন্ম আৰু মৃত্যুৰ মাজৰ এই চুটি সময়খিনিক নানা ধৰণৰ কর্ম আৰু সৃষ্টিৰ আৱেগেৰে স্পন্দিত আৰু প্ৰাণ-চঞ্চল কৰি ৰাখিব পাৰিলেই জীৱনটো সার্থক হয়। প্ৰবল আৱেগে আমাক পৰিপূর্ণভাৱে জীয়াই থকাৰ অনুভূতি দিয়ে। প্রেমৰ গভীৰ আনন্দ আৰু বিষাদ, স্বার্থজড়িত বা নিঃস্বার্থ যিকোনো উচ্ছ্বাসপূর্ণ কর্মোদ্যম--বহুত মানুহৰ জীৱনলৈ এইবোৰ আহে স্বাভাৱিকভাৱেই। তুমি সুনিশ্চিত কৰিব লাগিব মাত্র এটা কথাযিকোনো কাম কৰিবলৈ তুমি হৃদয়ত অনুভৱ কৰিব লাগিব প্ৰবল আৱেগ; সেই আৱেগে তোমাৰ প্রাণৰ স্পন্দন খৰতৰ কৰি তোমাৰ চেতনাক উদ্দীপিত আৰু সম্প্ৰসাৰিত কৰিব পাৰিব লাগিব৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...