AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

আত্মানুসন্ধান (Aatmanusandhan)

Rating: 0/5
Price of print book:₹ 250
Our Price:
₹ 200
Author হোমেন বৰগোহাঞি (Homen Borgohain)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS221
Email
Share on Google+
Description

কিন্তু সেইদিনা আমি মদ নাখাই গাৰ কাপোৰত অলপ মদ ছটিয়াই ললোঁ। অধ্যাপক লেখাৰুৰ ঘৰৰ চোতালত ভৰি দিয়েই শুনিলোঁ, তেওঁ গুণগুণকৈ এটা বৰগীত গাই আছে। আমাৰ মাত শুনি তেওঁ ওলাই আহি দুৱাৰ-মুখত থিয় হৈ আমাক কিবা এটা সুধিবলৈ মুখ মেলিয়েই লগে লগে মুখখন জপাই পেলালে। দেশী মদৰ উৎকট দুর্গন্ধত আমনি পাই তেওঁ হাতেৰে নাকটো সোপা মাৰি ধৰিলে। শিশুৰ নিচিনা সৰল সেই ঋষি-তুল্য মানুহজনক এনেকৈ কষ্ট দিব লগা হোৱাত আমি মনে মনে অনুশোচনাত দগ্ধ হবলৈ ধৰিলোঁ, কিন্তু তাকে নকৰি আমাৰো উপায় নাছিল। তেওঁ মুখ মেলিবলৈ নৌপাওঁতেই আমিয়ে আগ ধৰি মাত লগালোঁ- ছাৰ আমাক এটেন্ডেন্সৰ পার্চেণ্টেজ অলপ বঢ়াই দি পৰীক্ষা দিব পৰা কৰি দিয়ক। নহলে আজি আৰু হোষ্টেললৈ ঘূৰি নাযাওঁ। চলন্ত ৰেলৰ আগত পৰি প্রাণ শেষ কৰিম৷

সামান্য সংসাৰ-বুদ্ধি থকা যিকোনো মানুহেই আমাৰ এই ফাকি ধৰা পেলাব পাৰিলেহেঁতেন। কিন্তু শিশু-সদৃশ সৰল লেখাৰু ছাৰে ভাবিলে যে আমি মদৰ নিচাত সঁচাকৈয়ে আত্মহত্যা কৰিবও পাৰোঁ। তেওঁ হাত জোকাৰি জোকাৰি কলে- যোৱা যোৱা, হোষ্টেললৈ গৈ ভালকৈ পঢ়া-শুনা কৰাগৈ। পৰীক্ষাত ভালকৈ পাছ কৰিব লাগিব৷

___________________________

হোমেন বৰগোহাঞিৰ আত্মজীৱনী

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...