Rating: 0/5
Our Price: ₹ 300 |
|
||||||||||||||||
|
অসম আন্দোলনে চুই গৈছিল আমাৰ কৈশোৰ৷ আলফাৰ উত্থানে ৰোমাঞ্চিত কৰিছিল যৌৱনৰ প্ৰথম পুৱা৷ যোৱা শতিকাৰ আশী আৰু নবৈ দশকৰ এই দুটা ঘটনাই অসমৰ জনজীৱন সলনি কৰি দিছিল৷ ঐতিহাসিক অসম আন্দোলনৰ কৰুণ পৰিসমাপ্তি আৰু আলফাৰ উত্থান-পতনৰ মাজেৰে সমাপ্ত হৈছিল এই দুই দশক৷ এয়া আছিল জটিল সন্ধিক্ষণৰ সময়৷ অসমৰ মানুহে ইয়াৰ পূর্বে কেতিয়াও প্ৰত্যক্ষ কৰা নাছিল বিপ্লৱৰ এনে প্ৰচণ্ড উদ্গীৰণ৷ দেখা পোৱা নাছিল মৃত্যুভয় নেওচি নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ অদম্য আশা৷ পৰৱর্তী সময়ত সাংবাদিকতাৰ সৈতে জড়িত হৈ পৰাৰ সূত্ৰে আলফাৰ উত্থান-পতন ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ সুবিধা পাইছিলোঁ৷ আলফা আমাৰ বাবে কেৱল গণবিচ্ছিন্ন উগ্ৰপন্থী সমস্যা নহয়৷ অসমৰ জাতীয় চেতনা উদ্বেলিত কৰি তোলা এক বৈপ্লৱিক উত্থান হিচাপেই আলফাৰ ইতিহাস হয়তো মূল্যাংকৃত হ’ব৷
মনোজ কুমাৰ নাথ
The intended recipient will get an e-mail letting him/her know you've gifted the book.
The mail will contain detailed instructions on the steps to be followed .
Name : | |
Email : | |