AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

কায়াকল্পৰ বেলা (Kayakalpar Bela)

Rating: 0/5
Our Price:
₹ 80
Author সমীৰ তাঁতী (Sameer Tanti)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB129
Email
Share on Google+
Description

সমীৰ তাঁতীৰ কবিতাৰ বচন-বাচনৰ যি নিবিড় প্ৰগাঢ় মিলন সিয়েই তেওঁক সদায় পাঠক-সমালোচকৰ প্ৰিয় কবিসকলৰ মাজত অন্যতম কৰি ৰাখিছে৷ কক্তোৱে সাক্ষাৎকাৰ এটাত কৈছিল, তেওঁৰ কবিতা মালার্মেৰ কবিতাৰ দৰে সমালোচনাৰ প্ৰতি উদাসীন নহয়৷ মালার্মেৰ সম্পূর্ণ বচননির্ভৰ শুদ্ধতম কবিতাবোৰ কেতিয়াবা স্বয়ং কবিগৰাকীৰ পক্ষেই অননুধাৱনীয় হৈ উঠিছিল৷ মালার্মেৰ কাব্যাদর্শৰ বিপৰীতে সেইবোৰ কবিতাই শ্ৰেষ্ঠ যাৰ বচন-বাচন, আৱেগ-মনন, উপলব্ধি-অভিজ্ঞতাৰ অন্তর্লীন-সামঞ্জস্যৰ সংহতিবোধে কবিতাক সার্বজনীন ৰসভোগ্য কৰি পৰমার্থ সম্পন্ন কৰি তোলাৰ প্ৰয়াস কৰে৷ সমীৰ তাঁতীৰ কবিতা কক্তো-কথিত এই দুর্লভ গুণসমৃদ্ধ হোৱাৰ উপৰি আদর্শ আৰু আৱেগৰ দৃঢ়পিনদ্ধ বিন্যাসৰ কাৰণে তেওঁৰ কবিতাৰ পৰিচিত প্ৰতিবাদী সুৰটোতে অনুভৱ কৰা যায় একধৰণৰ স্নিগ্ধ ভাব৷ আনহাতে বোধ আৰু বুদ্ধিৰ সংগমে সৃষ্টি কৰা আধুনিক কবিতাৰ সংহতিৰ ধাৰণাটো তেওঁৰ কবিতাত সদায়ে উজ্জ্বল৷ সেই কাৰণেই কব পাৰি সমীৰৰ কবিতা অসমীয়া ভাষাত ৰোমান্টিছিজ্মৰ এক আধুনিক সম্প্ৰসাৰণ৷

 

 

প্ৰভাত বৰা

Reviews

There are no reviews for this book yet.

Related Books