AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

তেজ আৰু ঘামৰ শ্ল'গান (Tej Aaru Ghamar Slogan)

Rating: 0/5
Price of print book:₹ 60
Our Price:
₹ 50
Author মিন্টু দাস (Mintu Das)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS248
Email
Share on Google+
Description

মানুহ যিহেতু এজোপা গছ নহয়, এটা গছৰ পুলিও নহয়, এটা চৰাই নহয়, সৃষ্টিৰ মাজত পৰি থকা এটা শক্তি”-(অক্টাভিঅ পাজ)৷ এই বর্ণিত শক্তিৰে বাটৰ সঁহাৰি দিয়ে, প্ৰাণৰ শক্তি যোগায়৷ কবি-শিল্পীৰ সৃষ্টিৰ যন্ত্ৰণাও একে ধৰণৰ৷ আৰু তাৰ সঁহাৰিতেই ধেমাজিৰ মিণ্টু দাস নামৰ কবিজনে সৃষ্টিৰ যন্ত্ৰণা অকলে সহিব নোৱাৰি মানুহৰ মাজত তাক বিলাই দিবলৈ বিচাৰিছে৷ তেওঁৰ আত্মাৰ সঁহাৰিত লেখক-পাঠক আলোড়িত হওক৷ প্ৰকৃতি, প্ৰজ্ঞা আৰু প্ৰতিজ্ঞা তেওঁৰ কবিতাৰ মূল মন্ত্ৰ হওক তাকেই আন্তৰিকতাৰে কামনা কৰিলো৷

আনিজ উজ জামান, বিশিষ্ট কবি, সমালোচক

সুনির্বাচিত শব্দৰ চৌখিন ভাৱোচ্ছাস নহয়, কবিতা আত্মবোধৰ বীজ-বর্ণমালা৷ আত্মবোধৰ সতে সমাজ মননৰ সংঘাত অনিবার্য৷ ফলত সূক্ষ্ম, গভীৰ আৰু সংহত হয় কবিৰ অন্তর্দৃষ্টি৷ কবিৰ জীৱনবোধৰ সতে প্ৰসাৰিত সমাজবীক্ষাৰ মণিকাঞ্চন ঘটে৷ জাগ্ৰত কবিৰ গতিশীল শিল্পবীক্ষাৰ ছাঁ-জোনাকত ৰূপান্তৰিত হয় কবিতাৰ ফর্ম আৰু ভাষা৷ প্ৰেৰণাদীপ্ত সাধক কবিৰ এনে সার্থক সৃষ্টিৰাজীত আমি সততে অনুভৱ কৰো সময়ৰ সাঁচ, যুগৰ হৃৎস্পন্দন৷ বিগত তিনি দশকত সংখ্যাত সৰহ নহলেও এছাম তৰুণে কবিতাৰ দ পথাৰখনত বিচৰণ কৰি অহাটো আমাৰ পৰিলক্ষিত হয়৷ এই কথা ন দি কব পাৰি যে, মিণ্টু দাস সেইসকলৰ মাজৰে এজন৷ মিণ্টু দাসৰ দ্বিতীয়খন কাব্য সংকলনৰ কবিতাত আংগিকৰ লগতে ভাষা আৰু শৈলীৰ উত্তৰণ মন কৰিবলগীয়া৷ আমাৰ আশা, অধ্যয়ন-অনুশীলন, অন্তৰৰ ধাউতি আৰু অবিৰত সাধনাৰে মিণ্টু দাসে ৰূপান্তৰৰ চেতনাৰে সমৃদ্ধ, ৰৌদ্ৰজ্জ্বল কবিতাৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিব৷

ৰুদ্ৰ সিংহ মটক, বিশিষ্ট কবি, সমালোচক

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...