Rating: 0/5
Our Price: ₹ 50 |
|
||||||||||||||||
|
‘পপ অসমীয়া’ সমাজখন আছিল উত্তৰ আধুনিক৷ এতিয়া সমাজলৈ বোলে ছুপাৰ উত্তৰ আধুনিকতা আহিছে৷ পৰিয়াল ব্যৱস্থা, যান-বাহন, উৎসৱ-পার্বণ আৰু জীৱিকা- এই সকলো দিশতে ছুপাৰ উত্তৰ আধুনিকতাৰ ছাপ প্ৰকট হৈ দেখা দিছে৷ ছুপাৰ উত্তৰ আধুনিকতাই পুৰণি প্ৰমূল্যবোধ ভাঙি তচ-নচ কৰি দিছে৷ আগতে যিবোৰ একেবাৰে অৱহেলিত, নিষ্পেষিত, মূল্যহীন মানুহ কিংবা অইন প্ৰাণী আছিল, যিবিলাক সমাজৰ অঙ্গ হৈয়ো কণমান মূল্যও যাৰ নাছিল, সেইবিলাকে হেনো এতিয়া সমাজখন চলাব৷ সমাজক গতিশীল কৰি তোলাত উল্লেখযোগ্য ভূমিকা ল’ব৷
কিন্তু ‘আকৌ পপ অসমীয়া’ বোলা কিতাপখনৰ কথাবোৰ সঁচা নে মিছা, অতিশয়োক্তি নে অতিৰঞ্জন একো ধৰিব নোৱাৰি৷ ....... ক’ত মেকুৰীয়ে গাড়ী চলাইছে? কাউৰীয়ে চলোৱা কেবত উঠি পপ অসমীয়া অফিচলৈ গৈছে? ক’ত বান্দৰ ড্ৰাইভাৰ? ধেকুৰাৰ মূল্যবৃদ্ধি! কুকুৰৰ কাৰখানা৷ এইবোৰ প্ৰলাপ! পগলাৰ প্ৰলাপ! বাতুলতা৷ মিথ্যা ভাষণ৷ ‘আকৌ পপ অসমীয়া’ মিছা কথাৰ ভঁৰাল৷ মিছা কথাৰে মানুহক ভুল পথে পৰিচালিত কৰাৰ নামেই হ’বলা ছুপাৰ উত্তৰ আধুনিকতা? নাজানো দেই কিখন হ’বলৈ লৈছে!
The intended recipient will get an e-mail letting him/her know you've gifted the book.
The mail will contain detailed instructions on the steps to be followed .
Name : | |
Email : | |