AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

সোণ হৰিণৰ চেঁকুৰ (Son Horinor Chekur)

Rating: 5/5
Price of print book:₹ 200
Our Price:
₹ 150
Author অনুৰাধা শৰ্মা পুজাৰী (Anuradha Sharma Pujari)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS06
Email
Share on Google+
Description

নতুন প্ৰজন্মৰ লগতে সকলো পঢ়ুৱৈৰ মাজত অতি জনপ্ৰিয় কিতাপখন এখন বেষ্ট ছেলাৰ।

নতুন প্ৰজন্মৰ বিষয়ে জানিবলৈ, নতুন প্ৰজন্মক বুজি পাবলৈ হলে পঢ়ক সোণ হৰিণৰ চেকুঁৰপৰিয়াল আৰু সমাজে এই প্ৰজন্মক সোণৰ হৰিণৰ মায়াৰ পিছে দৌৰিবলৈ বাধ্য কৰাইছে। শিক্ষাৰ প্ৰৱঞ্চনা, মূল্যবোধৰ প্ৰৱঞ্চনা, মানৱীয় অনুভূতিৰ প্ৰৱঞ্চনাৰ অগ্নিবলয়ৰ মাজেৰে আজিৰ প্ৰজন্ম আগ বাঢ়িছে। এই প্ৰজন্ম নিঃসংগ।

আজিৰ যুৱক-যুৱতীৰ মুখৰ পৰা শুনা তেওঁলোকৰ জীৱন পৰিক্ৰমা  সংঘাত আৰু ঘটনা-অনুঘটনা বোৰ সেয়ে এই উপন্যাসত সংযোজন কৰা হৈছে।

যোৱা কিছু বছৰৰ পৰা শিক্ষা জগতৰ লগতে নৱপ্ৰজন্মৰ মনস্তত্ত্বৰ আমূল পৰিৱৰ্তন হৈছে। জনবিস্ফোৰণৰ বিপৰীতে একক পৰিয়াল ধাৰণাত এটা বা দুটা সন্তান ডাঙৰ-দীঘল কৰা হয় অভিভাৱকৰ অপূৰ্ণ ইচ্ছা পূৰণৰ স্বাৰ্থত। শিক্ষাৰ অৰ্থ হৈ পৰিছে নম্বৰৰ প্ৰতিযোগিতা আৰু অৰ্থ উপাৰ্জনৰ লক্ষ্য। এই সামাজিত মনস্তত্ত্বই উঠি অহা নৱ প্ৰজন্মৰ মন আৰু মগজুত প্ৰচণ্ড চাপৰ সৃষ্টি কৰিছে। কিশোৰ-কিশোৰীয়ে শৈশৱ যৌৱন পাৰ কৰে যান্ত্ৰিকভাৱে। বিজ্ঞান-প্ৰযুক্তিয়ে দিয়া সুযোগ গ্ৰহণেৰে কৈশোৰ-যৌৱন আবদ্ধ হৈ পৰে অকালপক্ক কৌতূহল, নিষিদ্ধ আনন্দৰ সন্ধানত।

যোৱা তিনিটা বছৰ মই আজিৰ কিশোৰ আৰু যুৱক-যুৱতীৰ সৈতে মিলা-মিছা কৰিছোঁ৷ কলেজৰ হোষ্টেলৰ যুৱক-যুৱতীৰ আড্ডাত ভাগ লৈছোঁ। মোৰ ওঠৰ বছৰীয়া পুত্ৰৰ অজানিতেই পুত্ৰৰ বন্ধু-বান্ধৱীৰ সৈতে গুৱাহাটীৰ কফি-কাফে ডেত নতুবা পশ্চিমবঙ্গৰ দুর্গাপূৰৰ বহু মেনেজমেণ্ট কলেজৰ সামূহিক বিয়লিৰ আড্ডাৰ স্থলী অৰণ্যক’ ‘হেং অভাৰনামৰ বিখ্যাত স্নেকছ আৰু কফিৰ বাৰত বহি ৰসাল আলোচনাৰ ভাল লৈছোঁ। গুৱাহাটী, পশ্চিমবঙ্গ, দিল্লী, মুম্বাই, বাঙ্গালোৰ সকলো ঠাইতেই একেই পৰিচিত ছবি মই দেখা পাইছোঁ।

মনসস্তাত্ত্বিকভাৱে এই সকলো ঠাইৰ যুৱক-যুৱতীসকলৰ মিল আছে। কিন্তু তাৰ মাজতো আছে যৌৱনৰ সৰলতা সুকোমল অনুভূতি কিন্তু পৰিস্থিতিৰ প্ৰাবল্য আৰ্থ-সামাজিক আৰু ৰাজনৈতিক বাতাবৰণে আজিৰ প্ৰজন্মক শান্তিৰে স্বাধীনভাৱে স্বতঃস্ফূর্তভাৱে বাঢ়িবলৈ দিয়া নাই। পৰিয়াল আৰু সমাজে এই প্ৰজন্মক সোণৰ হৰিণৰ মায়াৰ পিছে দৌৰিবলৈ বাধ্য কৰাইছে। শিক্ষাৰ প্ৰৱঞ্চনা মূল্যবোধৰ প্ৰৱঞ্চনা মানৱীয় অনুভূতিৰ প্ৰৱঞ্চনাৰ অগ্নিবলয়ৰ মাজেৰে আজিৰ প্ৰজন্ম আগ বাঢ়িছে। এই প্ৰজন্ম নিঃসংগ। যুৱ উচ্ছৃংখলতাৰ আঁৰৰ মনস্তত্ত্ব অনুধাৱন নকৰাকৈ আমি যুৱ প্ৰজন্মক দোষাৰোপ কৰাৰ নৈতিক অধিকাৰ নাই। আজিৰ প্ৰজন্ম অতি বাস্তৱবাদী মেধাৱী বুদ্ধিমান আৰু আমাতকৈও বেছি সংবেদনশীল। এই যুৱসম্পদ সঠিকভাৱে পৰিচালনা কৰিবলৈ অভিভাৱক সমাজ৷ সময়ৰ সৈতে দৌৰিব লাগিব। কিন্তু মনস্তাত্ত্বিকভাৱে এয়া হোৱা নাই। আমি তেওঁলোকৰ পৰা আশা কৰিছোঁ আত্মস্বার্থৰে বিনিময়ত তেওঁলোকৰ অস্তিত্ব সত্তা ইচ্ছাবোৰত আমি শিকলি লগাইছোঁ। আজিৰ প্ৰজন্ম খঙাল আৱেগিক আৰু অপৰাধপ্ৰৱণ হোৱাৰ বাবে আমাৰ সমাজ অভিভাৱক দায়ী। যুৱ প্ৰজন্মৰ সৈতে নিবিড়ভাৱে থাকি মোৰ এয়াই অনুভৱ হৈছে। আজিৰ যুৱক-যুৱতীৰ মুখৰ পৰা শুনা তেওঁলোকৰ জীৱন পৰিক্ৰমা  সংঘাত আৰু ঘটনা-অনুঘটনা বোৰ সেয়ে এই উপন্যাসত সংযোজন কৰা হৈছে।

Reviews

Tuesday, 08 July 2014
excellent book
britul sharma

Related Books

Customers who bought this also bought ...